LIFE PROCESSES( জীৱন প্ৰক্ৰিয়া ) // class -10
LIFE PROCESSES
জীৱন প্ৰক্ৰিয়া
Created By-
জীৱন প্ৰক্ৰিয়া (WHAT IS LIFE PROCESSES):
জীৱন প্ৰক্ৰিয়া হৈছে জীৱিত জীৱ এটাৰ শৰীৰত চলি থকা সেইবোৰ প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱ এটা জীয়াই থাকে।
উদাহৰণ হিচাপে- পৰিপুষ্টি(Nutrition),শ্বসন(Respiration),ৰেচন(Excretion),পৰিৱহন(Transportation) আদি।
পৰিপুষ্টি
(Nutrition):
যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই আহাৰ গ্ৰহন কৰি শৰীৰৰ
বিভিন্ন অংগ সমূহক শক্তিৰ যোগান ধৰে তাকে পৰিপুষ্টি বোলা হয়।
পৰিপুষ্টিৰ
প্ৰকাৰ (TYPES OF NUTRITION):
পৰিপুষ্টি প্ৰধান কৈ দুটা প্ৰকাৰৰ-
১. স্ব-পোষীয় পৰিপুষ্টি (Autotrophic Nutrition).
২. পৰপোষীয় পৰিপুষ্টি (Heterotrophic Nutrition).
স্ব-পোষীয় পৰিপুষ্টি (Autotrophic Nutrition)
এই প্ৰকাৰৰ পৰিপুষ্টিত জীৱই নিজৰ খাদ্য সালোক
সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজে প্ৰস্তুত কৰি লয়। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি
লোৱা জীৱ সমূহক স্বপোষী(Autotroph)জীৱ বোলে। সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া
স্বপোষী জীৱ।
পৰপোষীয় পৰিপুষ্টি (Heterotrophic Nutrition)
এই প্ৰকাৰৰ পৰিপুষ্টিত জীৱই খাদ্যৰ বাবে আনৰ ওপৰত
নিৰ্ভৰশীল হব লাগে। যিবোৰ জীৱই খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে, তেনে জীৱক পৰপোষী
(Heterotroph) জীৱ বোলে।উদাহৰণ- ভেঁকুৰ, প্ৰাণীসমূহ।
পৰপোষী জীৱ তিনি প্ৰকাৰৰ-
উদ্ভিদৰ পৰিপুষ্টি (Nutrition In Plants)
|
সালোক সংশ্লেষণৰ বাবে
প্ৰয়োজনীয় চৰ্তঃ
১) সূৰ্যৰ পোহৰ (Sun Light).
২) পত্ৰহৰিÖ (Chlorophill).
৩) কাৰ্বন-ডাই-অক্সাইড (CO2).
৪) পানী (H2O).
সালোক সংশ্লেষণ তলৰ ধৰণেৰে সংঘটিত হয়-
ক) পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ।
খ) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু
পানীৰ অনুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ।
গ) কাৰ্বন-ডাই-অক্সাইড বিজাৰণৰ দ্বাৰা
কাৰ্বহাইড্ৰেট উ Öপন্ন।
*সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় গেছ
পাতত থকা পত্ৰৰন্ধ্ৰ() ৰ মাজেৰে আদান-প্ৰদান হয়। কিন্তু কিছুমান ক্ষেত্ৰত কাণ্ড,
শিপাৰ উপৰি ভাগৰ যোগেদিও সংঘটিত হয়।
*প্ৰত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা
পৰিঘটনাটো পত্ৰৰন্ধ্ৰৰ ৰক্ষীকোষ দুটাই নিয়ন্ত্ৰণ কৰে।
প্ৰাণীৰ ক্ষেত্ৰত পৰিপুষ্টি (Nutrition In Animals)
প্ৰাণীবোৰ
হৈছে পৰপোষী জীৱ, সেয়ে সিহঁতে পৰিপুষ্টিৰ বাবে অন্য জীৱৰ ওপৰত নিৰ্ভৰ কৰে।
সৰল প্ৰাণীৰ ক্ষেত্ৰত পৰিপুষ্টি (Nutrition In Simple Animals):
এমিবা আৰু পেৰামেচিয়াম হৈছে এককোষী প্ৰাণী। ইহতঁৰ ক্ষেত্ৰত পৰিপুষ্টি
প্ৰক্ৰিয়া এটা কোষৰ মাজতে সম্পন্ন হয়।এমিবাই কূটপদৰ সহায়ত খাদ্য আহৰণ কৰি খাদ্য ৰিক্তিকা
(Food
Vacule) ৰ সৃষ্টি কৰে আৰু খাদ্য ৰিক্তিকাৰ ভিতৰতে খাদ্য বস্তু সৰল
অৱস্থালৈ পৰিৱৰ্তন হয়।
মানুহৰ পৰিপুষ্টি (Nutrition In Human Beings):
Basic Organs Of The Human
Digestive System Are(মানুহৰ পাচন তন্ত্ৰৰ মুখ্য অংগ সমূহ হ’ল)-
১) মুখগহ্বৰ (Buccal Cavity).
২) গ্ৰাসনলী (Oesophagus).
৩) পাকস্থলী (Diaphragm).
৪) ক্ষুদ্ৰান্ত্ৰ (Small Intestine).
৫) বৃহদান্ত্ৰ (Large Intestine)
৬) মলভাণ্ডাৰ (Rectum).
৭) পায়ু (Anus).
মানুহৰ পাচন তন্ত্ৰৰ গ্ৰন্থি (Glands Of Human Digestive System):
১) লালটি
গ্ৰন্থি (Salivary Gland): লালটি গ্ৰন্থিয়ে লালটি এমাইলেজ(Salivary
Amylase) উ Öসেচক নিঃসৰণ কৰে। ই শৰ্কৰা (কাৰ্বহাইড্ৰেট)ক সৰল চেনিলৈ (Simple Sugar) পৰিৱৰ্তিত কৰে।
২) যকৃত (Liver): যকৃতে পিতৰস (Bile Juice) নিঃসৰণ কৰে।
৩) অগ্নাশয় (Pancreas): ই অগ্নাশয় ৰস নিঃসৰণ কৰে, যত অগ্নাশয় এমাইলেজ (Pancreatic Amylase), ট্ৰিপচিন (Trypsin), লাইপেজ (Lipase) আদি পাচক উ
Öসেচক সমূহ থাকে।
Working of Digestive System In Human (মানুহৰ দেহত পাচন প্ৰক্ৰিয়া) :
১. INGESTION (খাদ্য গ্ৰহণ): মুখৰ সহায়ত আমি খাদ্য বস্তু গ্ৰহণ কৰো।
২. DIGESTION (পাচন) :
(a)
Mouth (মুখত) : খাদ্যৰ
পাচন প্ৰক্ৰিয়া মুখৰ পৰাই আৰম্ভ হয়। দাঁতৰ সহায়ত খাদ্য বস্তুবোৰ সৰু – সৰুকৈ গুৰি কৰা হয় আৰু
লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটি এমাইলেজে (Salivary amylase) খাদ্যৰ শৰ্কৰাৰ (Carbohydrate) পাচন ঘটাই চেনিলৈ পৰিৱৰ্তন কৰে।
(b)
Oesophagus (গ্ৰাসনলী): মুখত আংশিক ভাৱে পাচন ঘটা খাদ্যবস্তুবোৰ
গ্ৰাসনলীৰ মাজেৰে পাকস্থলীত প্ৰৱেশ কৰে।
(c)
Stomach( পাকস্থলী): পাকস্থলীটো “J” আকৃতিৰ অংগ। পাকস্থলীৰ বেৰত থকা গ্ৰন্থিয়ে পাচক ৰস (Gastric Juice) নিঃসৰন কৰে। পাচক ৰসত হাইড্ৰক্লৰিক এচিড (HCl), উ
Öসেচক পেপচিন(Pepsine) আৰু শ্লেষ্মা থাকে।
è হাইড্ৰক্লৰিক এচিড (HCl) থকাৰ বাবে পাকস্থলী ৰস আম্লিক ধৰ্মীয় আৰু ইয়াৰ
ফলত পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে।
è শ্লেষ্মাই পাকস্থলীৰ বেৰখনৰ অন্তঃআৱৰণখনক সাধাৰণ
অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে।
পাকস্থলীৰ পৰা অৰ্ধপাচিত খাদ্য স্ফিনক্টাৰ (Sphincter) পেশীৰ সংকোচনৰ দ্বাৰা ক্ষুদ্ৰান্তলৈ গতি কৰে।
(d)
Small Intestine ( ক্ষুদ্ৰান্ত):
è ক্ষুদ্ৰান্ত হৈছে পাচক নলীৰ আটাইতকৈ দীঘল অংশ (About 6.5 m).
è তৃণভোজী (Herbivores) প্ৰাণীৰ ক্ষুদ্ৰান্তটো অতি দীঘল। ঘাঁহ জাতীয় উদ্ভদত থকা চেলুলজ
পাচন কৰিবৰ বাবে ইহতঁৰ ক্ষুদ্ৰান্তটো দীঘল আৰু পাকখোৱা।
è মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো চুটি কাৰণ মাংসৰ
পাচন ক্ৰিয়া সৰল।
è ক্ষুদ্ৰান্তত খাদ্যৰ সম্পূৰ্ণ পাচন ঘটে - শৰ্কৰা(Carbohydrates), প্ৰটিন (Proteins) আৰু
চৰ্বী (Fats).
è ক্ষুদ্ৰান্তত যকৃত আৰু অগ্নাশয়ে নিঃসৰণ কৰা পাচক
ৰস সমূহ আহি পৰেহি আৰু এই পাচক ৰসত থকা উ
Öসেচক সমূহে খাদ্যৰ পাচনত সহায় কৰে।
è যকৃতে নিঃসৰণ কৰা পিত্তৰসে পাকস্থলীৰ পৰা অহা আম্লিক অৰ্দ্ধপাচিত
খাদ্যক ক্ষাৰকীয় কৰে যাতে অগ্নাশয় ৰসৰ উ
Öসেচকে সেইবোৰক
ক্ৰিয়া কৰিব পাৰে।
è পিত্ত লৱণে ক্ষুদ্ৰান্তৰ খাদ্যাংশৰ বৃহ
Ö আকাৰৰ চৰ্বী অনুবোৰৰ ওপৰত ক্ৰিয়া কৰি সৰল অণুলৈ ৰুপান্তৰিত কৰে, যাতে
এইবোৰৰ ওপৰত উ
Öসেচকে সহজে
ক্ৰিয়া কৰিব পাৰে।
è অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত থকা অগ্নাশয় এমাইলেজে
শৰ্কৰাৰ পাচন ঘটাই, ট্ৰিপচিনে প্ৰটিন আৰু লাইপেজে সৰলীকৃত চৰ্বীৰ পাচন ঘটায়।
è ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু গ্ৰন্থি বোৰে আন্ত্ৰিক ৰস নিঃসৰন কৰে আৰু
আন্ত্ৰিক ৰসত থকা উ Öসেচকে অৱশিষ্ট প্ৰটিনক সৰল এমিন এচিডলৈ, শৰ্কৰা সমূহক গ্লুকজলৈ, চৰ্বী
সমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়।
৩. ABSORPTION ( শোষণ ) :
ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক
থাকে , যাক ভিলাই (VILLI) বুলি কোৱা হয়। ভিলাই বোৰে পাচিত খাদ্যৰ শোষণ
কৰে।
৪. ASSIMILATION (সামিলিকৰণ):
ভিলাইবোৰে পাচিত খাদ্য শোষন কৰি ৰক্তবাহী নলীকাৰ সহায়ত দেহৰ সকলো
কোষলৈ পৰিৱহন কৰে। কোষে ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পুৰণা কলাবোৰ
মেৰামতি কৰে।
৫. EGGESTION ( নিষ্কাশন ):
ক্ষুদ্ৰান্তত শোষণ নোহোৱা খাদ্যভাগ বৃহদন্ত্ৰলৈ গতি কৰে।ইয়াত
বৃহদান্তৰ ভিলাইবোৰে খাদ্যংশৰ পৰা
অতিৰিক্ত পানী ভাগ শোষণ কৰে। ইয়াৰ পিছত শোষণ নোহোৱাকৈ ৰৈ যোৱা পদাৰ্থখিনি পায়ুয়েদি (anus) দেহৰ পৰা মল (Focal Matter) হিচাপে নিষ্কাশিত হয়।
গতিকে উপৰোক্ত স্তৰ কেইটাৰ মাজেৰে মানৱ দেহত
খাদ্যৰ পাচন কাৰ্য সমাপন হয়।
Comments
Post a Comment