অধ্যায়-৭:নিয়ন্ত্ৰণ আৰু সমন্বয়ণ (Control and Coordination)
অধ্যায়-৭:নিয়ন্ত্ৰণ আৰু সমন্বয়ণ
Class-X
সকলো জীৱিত জীৱই সিহঁতৰ চাৰিও কাষৰ পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি সংবেদনা দিয়ে।
পৰিৱেশৰ যিবোৰ পৰিৱৰ্তনৰ প্ৰতি জীৱই প্ৰতিক্ৰিয়া কৰে; সেই পৰিৱৰ্তন বোৰক উদ্দিপক বোলে।
যেনে- পোহৰ,তাপ,ঠাণ্ডা,শব্দ,গোন্ধ,স্পৰ্শ আদি।
উদ্ভিদ আৰু প্ৰাণী উভয়ে উদ্দিপনাৰ প্ৰতি বেলেগ বেলেগ প্ৰকাৰে সংবেদনা প্ৰদান কৰে।
নিয়ন্ত্ৰণ আৰু সমন্বয়ণ:
কোনো উদ্দীপকৰ প্ৰতি উপযুক্ত সংবেদনা দিবৰ বাবে শৰীৰৰ বিভিন্ন অংগ সমূহে কৰা কায্যক নিয়ন্ত্ৰণ আৰু সমন্বয়ণ বোলে।যেনে: হঠাৎ গৰম বস্তুত হাত লাগিলে হাতখন আতৰাই অনা, ক্ৰিকেট খেলুৱৈ এজনে বল এটা ধৰা আদি ।
প্ৰাণীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰু সমন্বয়:
সকলো প্ৰাণীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰু সমন্বয় দুটা প্ৰধান তন্ত্রৰ দ্বাৰা সম্পন্ন হয়-
ক) স্নায়ুতন্ত্ৰ
খ) অন্ত:স্ৰাৱী তন্ত্ৰ
ক) স্নায়ুতন্ত্ৰ:
স্নায়ুতন্ত্ৰই স্নায়ুকলা আৰু পেশীকলাৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় কৰে।
স্নায়ুকলাবোৰ স্নায়ু কোষ বা নিউৰনৰ দ্বাৰা গঠিত।
স্নায়ুকোষ বোৰৰ মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ প্ৰেৰণ হয়।
সংগ্ৰাহী: সংগ্ৰাহী বোৰৰ হৈছে কিছুমান স্নায়ুকোষৰ সমষ্টি,যিবোৰে পৰিৱেশৰ সকলো বৰ্তা বা উত্তেজনা সমূহ চিনাক্ত কৰে বা অনুভৱ কৰে।
সংগ্ৰাহীবোৰ আমাৰ দেহৰ সংবেদনশীল অংগ যেনে - অন্তকৰ্ণ,নাক,জিভা আদিত থাকে।
স্নায়ুকোষ: স্নায়ুকোষবোৰ হৈছে স্নায়ুতন্ত্ৰৰ গঠনাত্মক আৰু কাৰ্য্যকৰী একক।
স্নায়ুকোষৰ গঠন:
স্নায়ুকোষবোৰ তিনিটা প্ৰধান অংশৰ দ্বাৰা গঠিত-
ক)কোষ দেহ
খ) ডেনড্ৰাইট
গ) এক্সন
ছাইনেপছ: ছাইনেপছ হৈছে এটা নিউৰণৰ এক্সনৰ শেষপ্ৰান্ত আৰু অন্য এটা নিউৰণৰ ডেনড্ৰাইটৰ মাজৰ খালী ঠাই। ইয়াতে বৈদ্যুতিক প্ৰেৰণা বোৰ ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তন ঘটে।
স্নায়ুকোষৰ মাজেৰে উদ্দীপনাৰ প্ৰেৰণ:
স্নায়ুকোষৰ ডেনড্ৰাইটবোৰে নিকটবৰ্তী কোষৰ পৰা উদ্দীপনা সংগ্ৰহ কৰে আৰু ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত বৈদ্যুুতিক প্ৰৰণাৰ সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা কোষদেহলৈ গতিকৰে আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তলৈ গতিকৰে।ইয়াৰ পিছত এক্সনৰ শেষ প্ৰান্তত এই বৈদ্যুতিক প্ৰেৰণাই কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত কৰে।এই ৰাসায়নিক পদাৰ্থবোৰে ছাইনেপছৰ মাজেৰে পাৰহৈ পুনৰ আনটো স্নায়ুকোষৰ ডেনড্ৰাইটত আগৰ দৰে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে আৰু আকৌ ছাইনেপছৰ মাজেৰে পৰৱৰ্তী স্নায়ুকোষলৈ গতি কৰে।এনেদৰেই স্নায়ুকোষৰ মাজেৰে উদ্দীপনাৰ প্ৰেৰণ ঘটে।
ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্য:
(ক) ঐচ্ছিক কাৰ্য: যিবোৰ কাৰ্য আমি সচেতন ভাৱে কৰিব পাৰো তেনে কাৰ্যক ঐচ্ছিক কাৰ্য বোলে।
উদাহৰণ: লিখা কাৰ্য, কথা-বাৰ্তা পতা, খোজ কঢ়া আদি।
(খ) অনৈচ্ছিক কাৰ্য: যিবোৰ কাৰ্য আমি অসচেতন ভাৱে কৰো তেনে কাৰ্যক অনৈচ্ছিক কাৰ্য বোলে।
উদাহৰণ : খাদ্যৰ হজম প্ৰক্ৰিয়া , শ্বাস-প্ৰশ্বাস লোৱা আদি।
প্ৰতীপ ক্ৰিয়া আৰু প্ৰতীপ ধনু:
প্ৰতীপ ক্ৰিয়া : প্ৰতীপ ক্ৰিয়া হৈছে শৰীৰে কোনো উদ্দীপকৰ প্ৰতি হঠাৎ ক্ষীপ্ৰভাৱে দিয়া সহাৰি বা সংবেদনা। প্ৰতীপ ক্ৰিয়া অতি কম সময়ত সংঘ টিত হয়।
উদাহৰণ হিচাপে : গৰম প্ৰাত্ৰত হাত লাগিলে হঠাৎ হাত খন আতৰাই অনা।
প্ৰতীপ ধনু: প্ৰতীপ ক্ৰিয়াৰ সময়ত যি পথেৰে স্নায়ু প্ৰেৰণা সমূহ গতি কৰে সেই পথটো প্ৰতীপ ধনু বোলে।
প্ৰতীপ ক্ৰিয়াৰ কিয় প্ৰয়োজন:
কিছুমান ক্ষেত্ৰত যেনে গৰম বস্তু স্পৰ্শ কৰি পোৱা, হঠাতে জুঙাবস্তুৱে খুচাঁ আদিত শৰীৰে ক্ষীপভাৱে সহাঁৰি দিয়া প্ৰয়োজন।অন্যথা শৰীৰে বহুত পৰিমানে আঘাত পোৱাৰ সম্ভাৱনা থাকে।গতিকে প্ৰতীপ ক্ৰিয়াৰ সহায়ত এনেবোৰ ক্ষেত্ৰত সংবেদনা স্নায়ুৰজ্জুৰ পৰা আহে, কাৰণ মগজুৰ পৰা আহিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়।
মানুহৰ স্নায়ুতন্ত্ৰ:
মানুহৰ স্নায়ুতন্ত্ৰক দুটা প্ৰধান ভাগত বিভক্ত কৰা হয়।
(ক) প্ৰন্তীয় স্নায়ুতন্ত্ৰ।
(খ) কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ।
(ক) প্ৰন্তীয় স্নায়ুতন্ত্ৰ: প্ৰন্তীয় স্নায়ুতন্ত্ৰ কৰোটীয় স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ু সমূহৰ দ্বাৰা গঠিত।
(খ) কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ: কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত।
মস্তিষ্ক: মস্তিষ্ক হৈছে দেহৰ মুখ্য সমন্বয় কেন্দ্ৰ। ইয়াৰ তিনিটা অংশ আছে- ১. প্ৰমস্তিষ্ক ২. মধ্য মস্তিষ্ক ৩. পশ্চাৎ মস্তিষ্ক
প্ৰমস্তিষ্ক: ই মস্তিষ্কৰ প্ৰধান চিন্তা ভাৱনাৰ অংগ।প্ৰমস্তিষ্ক চেৰিব্ৰামৰ দ্বাৰা গঠিত।
প্ৰমস্তিষ্কৰ কাৰ্য :
১. ই চিন্তা ভাৱনাৰ অংশ।
২. ঐচ্ছিক কাৰ্য বোৰ নিয়ন্ত্ৰণ কৰে।
৩. তথ্য সংৰক্ষণ কৰে।
মধ্য মস্তিষ্ক: মধ্য মস্তিষ্কই অনৈচ্ছিক কাৰ্য যেনে চকুৰ মণিৰ আকাৰ পৰিৱৰ্তন আৰু মূৰ , ডিঙিৰ প্ৰতীক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।
পশ্চাৎ মস্তিষ্ক: পশ্চাৎ মস্তিষ্কৰ তিনিটা অংশ আছে ---
১.পনচ:এই অংশই অনৈচ্ছিক কাৰ্য,শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ কৰে।
২. মেডুলা: এই অংশই ৰক্ত চাপ, লালটি ওলোৱা, বমি হোৱা আদি অনৈচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে।
৩. চেৰিবেলাম: চেৰিবেলামে শৰীৰৰ ভংগীমা আৰু সমতা নিয়ন্ত্ৰণ কৰে। যেনে- চাইকেল চলোৱা, কলমৰ দ্বাৰা লিখা আদি।
স্নায়ুৰজ্জু: স্নায়ুৰজ্জু মেডুলাত আৰম্ভ হয় আৰু দেহৰ তলৰ অংশ লৈকে থাকে। স্নায়ুৰজ্জুক ৰাজহাঁড়ে আৱৰি ৰাখে।
কাৰ্য:
1. স্নায়ুৰজ্জুৱে মস্তিস্ক আৰু স্নায়ুৰ মাজত বাৰ্তা আদান-প্ৰদান কৰে।
2. প্ৰতীপ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।
মস্তিষ্ক আৰু স্নায়ুৰজ্জু কেনেকৈ সুৰক্ষিত হৈ থাকে:
১. মস্তিষ্কৰ সুৰক্ষা: মস্তিষ্কটো কৰোটিৰ টান আৱৰণৰ বাকচৰ ভিতৰত লুপথুপিয়া দ্ৰব্যৰে আৱৰি থাকে। ই মস্তিষ্কক চাপ ,খুন্দা আদিৰ পৰা ৰক্ষা কৰে।
২. স্নায়ুৰজ্জুৰ সুৰক্ষা: স্নায়ুৰজ্জু ডাল ৰাজহাড়ে আৱৰি ৰাখি সুৰক্ষিত কৰি ৰাখে।
পেশী সমূহে কেনেকৈ চলন কৰে:
পেশীসমূহ বিশেষ প্ৰ'টিন যুক্ত পেশীকোষৰ দ্বাৰা গঠিত। এই প্ৰ'টিন সমূহে মস্তিষ্কৰ পৰা বাৰ্তা লাভ কৰিলে সিহঁতৰ শৃংখলা সলনি কৰিব পাৰে। ফলত পেশী সমূহৰ আকাৰ সলনি হয় । সিহঁতৰ সংকোচন আৰু প্ৰসাৰণ ঘটে। এই সংকোচন আৰু প্ৰসাৰণৰ ফলতে দেহৰ অংগ সমূহে গতি কৰিব পাৰে।
(খ) অন্ত:স্ৰাৱী তন্ত্ৰ:
অন্ত:স্ৰাৱী তন্ত্ৰটো বহুটো অন্ত:স্ৰাৱী গ্ৰন্থিৰ দ্বাৰা গঠিত। এই তন্ত্ৰই শৰীৰৰ বিপাকীয় ক্ৰিয়া সমূহ পৰিচালন আৰু নিয়ন্ত্ৰণ কৰে। যেনে - কোষৰ বৃদ্ধি, কোষসমূহৰ আভ্যন্তৰীণ ৰাসায়নিক বিক্ৰিয়াৰ গতিৰ হাৰ আদি পৰিচালন আৰু নিয়ন্ত্ৰণ কৰে।
গ্ৰন্থি: গ্ৰন্থি হৈছে আমাৰ শৰীৰৰ কিছুমান অংগ , যিবোৰে কিছুমান ৰাসায়নিক পদাৰ্থ তৰল পদাৰ্থ নি:সৰণ কৰে।
গ্ৰন্থি সমূহ দুই প্ৰকাৰৰ-
১) বহি:স্ৰাৱী গ্ৰন্থি: বহি:স্ৰাৱী গ্ৰন্থি বোৰ নলীযুক্ত।ইহঁতে নি:সৰণ কৰা পদাৰ্থবোৰ নলীৰ সহায়ত চলাচল কৰে। যেনে : লাালটি গ্ৰন্থি, যকৃত আদি।
২) অন্ত:স্ৰাৱী গ্ৰন্থি: অন্ত:স্ৰাৱী গ্ৰন্থি সমূহ নলী বিহীন। ইহঁতে নি:সৰণ কৰা পদাৰ্থবোৰ ৰক্তনলীৰ সহায়ত গতি কৰে। অন্ত:স্ৰৱী গ্ৰন্থিয়ে নি:সৰণ কৰা পদাৰ্থবোৰক হৰমন বোলে। কিছুমান অন্ত:স্ৰাৱী গ্ৰন্থি হ'ল- পিটুইটাৰী গ্ৰন্থি,থাইৰয়েড গ্ৰন্থি,থাইমাছ,অগ্নাশয় আদি।
কিছুমান হৰমণ আৰু ইহঁতৰ কাৰ্য:
১) থাইৰক্সিন: এই হৰমণ থাইৰয়েড গ্ৰন্থিয়ে নি:সৰণ কৰে। এই হৰমনে কাৰ্বহাইডেট, চৰ্বী আৰু প্ৰ'টিনৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। থাইৰক্সিন হৰমনৰ অভাৱ হলে গৰল ৰোগ হয়।
২) দেহ বৰ্ধনকাৰী হৰম'ন: এই হৰমন পিটুইটাৰী গ্ৰন্থিয়ে নি:সৰণ কৰে। ই দেহ বৰ্ধন আৰু বিকাশত সহায় কৰে। বাল্যকালত এই হৰমন কমকৈ নি:সৰণ হলে মানুহ বাউনা হয়।
৩) এড্ৰিনেলিন: এই হৰমন এড্ৰিনেল গ্ৰন্থিয়ে নি:সৰণ কৰে । ই ৰক্তচাপ ,হৃদস্পন্দন, কাৰ্বহাইড্ৰেটৰ বিপাকীয় ক্ৰিয়া আদি নিয়ন্ত্ৰণ কৰে।এই হৰমনৰ প্ৰভাৱত হৃদপিণ্ডৰ ধপ্ ধপনি বাঢ়ি যায়। ভয়ানক পৰিস্হিতিত এই হৰমন নি:সৰণ হয়।
৪) ইনচুলিন: অগ্নাশয়ে এই হৰমন নি:সৰণ কৰে । ই তেজত গ্লুকজৰ পৰিমান নিয়ন্ত্ৰণ কৰে। ইয়াৰ অভাৱত ডায়েৱেটিছ ৰোগ হয়।
৫) যৌন হৰমন:
ক) টেষ্ট্ৰষ্টেৰণ: এই হৰমন শুক্ৰাশয়ে নি:সৰন কৰে। ই পুৰুষৰদেহত যৌন অংগৰ বিকাশত সহায় কৰে।
খ) এষ্টজেন: অণ্ডাশয়ে নি:সৰণ কৰে। মহিলাৰ যৌনাংগৰ বিকাশত সহায় কৰে।
Feedback mechanism: আমাৰ দেহত হৰমন কমকৈ বা অতি বেছিকৈ নি:সৰণ হ'লে বিভিন্ন সমস্যাই দেখা দিয়ে ।গতিকে নিৰ্দিষ্ট পদ্ধতিৰ দ্বাৰা শৰীৰত হৰমন নি:সৰণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।ফিডবেক পদ্ধতিৰ দ্বাৰা শৰীৰত হৰমন নি:সৰণৰ পৰিমান নিয়ন্ত্ৰণ কৰা হয়। এই পদ্ধতিৰ দ্বাৰা দেহত হৰমন নি:সৰণৰ সময় আৰু পৰিমান নিয়ন্ত্ৰণ কৰা হয়।
Created By- Mridul Chutia B.Sc,B.Ed,CTET,PGDCADhemaji,Assam
email: assameseonlineeducation@gmail.com
All Rights Reserved By- assamese online education.
Comments
Post a Comment