Posts

LIFE PROCESSES( জীৱন প্ৰক্ৰিয়া ) // class -10

LIFE PROCESSES জীৱন প্ৰক্ৰিয়া Created By-  Mridul Chutia B.Sc,B.Ed,(STET,ATET,CTET) জীৱন প্ৰক্ৰিয়া (WHAT IS LIFE PROCESSES): জীৱন প্ৰক্ৰিয়া হৈছে জীৱিত জীৱ এটাৰ শৰীৰত চলি থকা সেইবোৰ প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱ এটা জীয়াই থাকে। উদাহৰণ হিচাপে- পৰিপুষ্টি( Nutrition ),শ্বসন( Respiration ),ৰেচন( Excretion ),পৰিৱহন( Transportation ) আদি। পৰিপুষ্টি ( Nutrition ) : যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই আহাৰ গ্ৰহন কৰি শৰীৰৰ বিভিন্ন অংগ সমূহক শক্তিৰ যোগান ধৰে তাকে পৰিপুষ্টি বোলা হয়। পৰিপুষ্টিৰ প্ৰকাৰ ( TYPES OF NUTRITION): পৰিপুষ্টি প্ৰধান কৈ দুটা প্ৰকাৰৰ- ১. স্ব-পোষীয় পৰিপুষ্টি ( Autotrophic Nutrition ) . ২. পৰপোষীয় পৰিপুষ্টি ( Heterotrophic Nutrition ) . স্ব-পোষীয় পৰিপুষ্টি ( Autotrophic Nutrition ) এই প্ৰকাৰৰ পৰিপুষ্টিত জীৱই নিজৰ খাদ্য সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজে প্ৰস্তুত কৰি লয়। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লোৱা জীৱ সমূহক স্বপোষী( Autotroph )জীৱ বোলে। সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া স্বপোষী জীৱ। পৰপোষীয় পৰিপুষ্টি ( Heterotrophic Nutrition ) এই প্ৰকাৰ...

অধ্যায়-৭:নিয়ন্ত্ৰণ আৰু সমন্বয়ণ (Control and Coordination)

অধ্যায়-৭:নিয়ন্ত্ৰণ আৰু সমন্বয়ণ Class-X Maintenance by Mr Mridul Chutia / Dhemaji, Assam পৰিচয় (Introduction): সকলো জীৱিত জীৱই সিহঁতৰ চাৰিও কাষৰ পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি সংবেদনা দিয়ে। পৰিৱেশৰ যিবোৰ পৰিৱৰ্তনৰ প্ৰতি জীৱই প্ৰতিক্ৰিয়া কৰে; সেই পৰিৱৰ্তন বোৰক উদ্দিপক বোলে। যেনে- পোহৰ,তাপ,ঠাণ্ডা,শব্দ,গোন্ধ,স্পৰ্শ আদি। উদ্ভিদ আৰু প্ৰাণী উভয়ে উদ্দিপনাৰ প্ৰতি বেলেগ বেলেগ প্ৰকাৰে সংবেদনা প্ৰদান কৰে। নিয়ন্ত্ৰণ আৰু সমন্বয়ণ: কোনো উদ্দীপকৰ প্ৰতি উপযুক্ত সংবেদনা দিবৰ বাবে শৰীৰৰ বিভিন্ন অংগ সমূহে কৰা কায্যক নিয়ন্ত্ৰণ আৰু সমন্বয়ণ বোলে।যেনে: হঠাৎ গৰম বস্তুত হাত লাগিলে হাতখন আতৰাই অনা, ক্ৰিকেট খেলুৱৈ এজনে বল এটা ধৰা আদি । প্ৰাণীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰু সমন্বয়: সকলো প্ৰাণীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰু সমন্বয় দুটা প্ৰধান তন্ত্রৰ দ্বাৰা সম্পন্ন হয়- ক) স্নায়ুতন্ত্ৰ খ) অন্ত:স্ৰাৱী তন্ত্ৰ ক) স্নায়ুতন্ত্ৰ: স্নায়ুতন্ত্ৰই স্নায়ুকলা আৰু পেশীকলাৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় কৰে। স্নায়ুকলাবোৰ স্নায়ু কোষ বা নিউৰনৰ দ্বাৰা গঠিত। স্নায়ুকোষ বোৰৰ মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এ...