LIFE PROCESSES( জীৱন প্ৰক্ৰিয়া ) // class -10
LIFE PROCESSES জীৱন প্ৰক্ৰিয়া Created By- Mridul Chutia B.Sc,B.Ed,(STET,ATET,CTET) জীৱন প্ৰক্ৰিয়া (WHAT IS LIFE PROCESSES): জীৱন প্ৰক্ৰিয়া হৈছে জীৱিত জীৱ এটাৰ শৰীৰত চলি থকা সেইবোৰ প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱ এটা জীয়াই থাকে। উদাহৰণ হিচাপে- পৰিপুষ্টি( Nutrition ),শ্বসন( Respiration ),ৰেচন( Excretion ),পৰিৱহন( Transportation ) আদি। পৰিপুষ্টি ( Nutrition ) : যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই আহাৰ গ্ৰহন কৰি শৰীৰৰ বিভিন্ন অংগ সমূহক শক্তিৰ যোগান ধৰে তাকে পৰিপুষ্টি বোলা হয়। পৰিপুষ্টিৰ প্ৰকাৰ ( TYPES OF NUTRITION): পৰিপুষ্টি প্ৰধান কৈ দুটা প্ৰকাৰৰ- ১. স্ব-পোষীয় পৰিপুষ্টি ( Autotrophic Nutrition ) . ২. পৰপোষীয় পৰিপুষ্টি ( Heterotrophic Nutrition ) . স্ব-পোষীয় পৰিপুষ্টি ( Autotrophic Nutrition ) এই প্ৰকাৰৰ পৰিপুষ্টিত জীৱই নিজৰ খাদ্য সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজে প্ৰস্তুত কৰি লয়। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লোৱা জীৱ সমূহক স্বপোষী( Autotroph )জীৱ বোলে। সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া স্বপোষী জীৱ। পৰপোষীয় পৰিপুষ্টি ( Heterotrophic Nutrition ) এই প্ৰকাৰ...