অধ্যায়-৭:নিয়ন্ত্ৰণ আৰু সমন্বয়ণ (Control and Coordination)
অধ্যায়-৭:নিয়ন্ত্ৰণ আৰু সমন্বয়ণ Class-X Maintenance by Mr Mridul Chutia / Dhemaji, Assam পৰিচয় (Introduction): সকলো জীৱিত জীৱই সিহঁতৰ চাৰিও কাষৰ পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি সংবেদনা দিয়ে। পৰিৱেশৰ যিবোৰ পৰিৱৰ্তনৰ প্ৰতি জীৱই প্ৰতিক্ৰিয়া কৰে; সেই পৰিৱৰ্তন বোৰক উদ্দিপক বোলে। যেনে- পোহৰ,তাপ,ঠাণ্ডা,শব্দ,গোন্ধ,স্পৰ্শ আদি। উদ্ভিদ আৰু প্ৰাণী উভয়ে উদ্দিপনাৰ প্ৰতি বেলেগ বেলেগ প্ৰকাৰে সংবেদনা প্ৰদান কৰে। নিয়ন্ত্ৰণ আৰু সমন্বয়ণ: কোনো উদ্দীপকৰ প্ৰতি উপযুক্ত সংবেদনা দিবৰ বাবে শৰীৰৰ বিভিন্ন অংগ সমূহে কৰা কায্যক নিয়ন্ত্ৰণ আৰু সমন্বয়ণ বোলে।যেনে: হঠাৎ গৰম বস্তুত হাত লাগিলে হাতখন আতৰাই অনা, ক্ৰিকেট খেলুৱৈ এজনে বল এটা ধৰা আদি । প্ৰাণীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰু সমন্বয়: সকলো প্ৰাণীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰু সমন্বয় দুটা প্ৰধান তন্ত্রৰ দ্বাৰা সম্পন্ন হয়- ক) স্নায়ুতন্ত্ৰ খ) অন্ত:স্ৰাৱী তন্ত্ৰ ক) স্নায়ুতন্ত্ৰ: স্নায়ুতন্ত্ৰই স্নায়ুকলা আৰু পেশীকলাৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় কৰে। স্নায়ুকলাবোৰ স্নায়ু কোষ বা নিউৰনৰ দ্বাৰা গঠিত। স্নায়ুকোষ বোৰৰ মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এ...